March 13, 2026

গোলাঘাট জিলাত হাতীৰ আক্ৰমনত এজনৰ মৃত্যু :

গোলাঘাট জিলাত হাতীৰ আক্ৰমনত এজনৰ মৃত্যু :
বোকাখাত , অসম : ১২ মাৰ্চ : ২০২৬ :
অসমৰ ভিতৰত গোলাঘাট জিলাতেই হাতী মানুহৰ সংঘাত সৰ্বাধিক । জিলাখনৰ সীমাতে থকা কাৰ্বি আংলং জিলাত হোৱা অবাধ বনাঞ্চল ধ্বংস আৰু গোলাঘাটৰ বিভিন্ন স্থানত থকা হাতীৰ দণ্ডি বোৰত কৰা মানুহৰ বিভিন্ন কাৰ্যই এই সমস্যা জটিল কৰি তুলিছে । জিলা খনৰ মৰঙী, বকিয়াল, নুমলীগড়, মিকিৰচাং, নামবৰৰ অভয়াৰণ্যৰ নিকটৱৰ্তী অঞ্চল, বৰচাপৰি আদি অঞ্চলত হাতা আৰু মানুহৰ সংঘাত যথেষ্ট বৃদ্ধি পাইছে । এই সংঘাতৰ পটভুমিতে জিলাখনত ইতিমধ্যেই বহ হাতী আৰু মানুহৰ মৃত্যু বৰণ কৰিব লগা হৈছে । যোৱা নিশাও গোলাঘাট জিলাৰ নুমলীগড়ৰ বকিয়ালত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় । হাতীৰ আক্ৰমনত নিহত ৰাজীৱ গোৱালা নামৰ লোক জন নুমলীগড়ৰৰ বকিয়ালৰ বুঢ়াগোহাঁইখাটৰ বুলি জানিব পৰা গৈছে । নিশা নিজগৃহৰ পৰা ওলাই অহা ৰাজীৱ গোৱলাই এটা অকলশৰীয়া বনৰীয়া হাতীৰ মুখামুখী হয় । হাতীটোয়ে কৰা আক্ৰমণত ৰাজীৱ গোৱলা ঘটনাস্থলীতে নিহত । ঘটনা সম্পৰ্কত দিয়া খবৰৰ পিচত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী আহি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় । সম্প্ৰতি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃত ব্যক্তিজনৰ মৃতদেহ ।

Written by

Uttam saikia

District Reporter

Leave a Reply

Your email address will not be published. Required fields are marked *

Indian Press Union (IPU) A National Platform for Journalists and Media Professionals.

© 2026 All Rights Reserved IPU MEDIA ASSOCIATION