April 6, 2026

একালৰ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ ১০৫ নং বোকাখাত সমষ্টি দখলৰ যুঁজত অতুল বৰা, জিতেন গগৈ, হৰিপ্ৰসাদ শইকীয়া, প্ৰনৱ দলে, বিবেকানন্দ ৰজোৱাৰ আৰু হেমন্ত দলৈ :

এটা সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দুৰ্গ স্বৰূপ বৰ্তমানৰ ১০৫ নং বিধানসভা সমষ্টিত ১৯৫১ চনৰ পৰা এতিয়ালৈ অনুষ্ঠিত হোৱা মুঠ ১৬ টা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে ১০ টাকৈ কাৰ্যকাল দখল কৰি বিধায়ক দিবলৈ সক্ষম হোৱাৰ বিপৰীতে অসম গন পৰিষদে দলে সমষ্টিটোত দুটা কাৰ্যকালহে লাভ কৰিছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰি ১৯৫১ চনত মাল পেগু, ১৯৫৭ চনত ৰাজেন্দ্ৰ নাথ বৰুৱা, ১৯৬২ চনত নৰেন্দ্ৰনাথ শৰ্মা, ১৯৬৭ চনৰ নিৰ্বাচনত এল দাস, ১৯৭২ নিৰ্বাচনত তুলশী দাস, ১৯৭৮ চনত চত্ৰগোপাল কৰ্মকাৰ, ১৯৮৩ চনত ধৰ্মেশ্বৰ হাজৰিকা, ১৯৯১ আৰু ১৯৯৬ চনত ভুপেন্দ্ৰ নাথ ভুঞা, ২০১১ চনৰ নিৰ্বাচনত অৰুণ ফুকনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ বোকাখাত সমষ্টিত জয় লাভ কৰি বিধায়ক হিচাবে নিৰ্বীচিত হৈছিল।

একেদৰে ১৯৫১ চনৰ পৰা অনুষ্ঠিত হোৱা বিধান সভাৰ মুঠ ১৬ টা নিৰ্বাচনৰ ৮ টা নিৰ্বাচনত বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতা কৰি অসম গন পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত দুটা কাৰ্যকালহে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু দুয়োটা কাৰ্যকালত দলৰ সভাপতি অতুল বৰাক বিধায়ক হিচাবে দিবলৈ সক্ষম হৈছিল ।‌ নিৰ্বাচনী সুত্ৰৰ মতে ১৯৮৫ চনত বলোভদ্ৰ তামুলীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দিতা কৰি পৰৱৰ্তী সময়ত বিধান সভাৰ উপাধক্ষ্য হৈছিল। অৱশ্যে অসম গন পৰিষদ দলৰ হৈ ১৯৯১ চনৰ নিৰ্বাচনত ভগীৰথ কৰণে, ১৯৯৬ চনৰ নিৰ্বাচনত ভদ্ৰেশ্বৰ তাঁতীয়ে, ২০০৬ চনত দিলীপ শইকীয়াই আৰু ২০১১, ২০১৬ আৰু ২০২১ চনত অতুল বৰাই বোকাখাতত প্ৰতিদ্বন্দিতা কৰিছিল । ২০১১ চনত দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি অতুল বৰাই নিৰ্বাচনত তৃতীয় স্থান লাভ কৰাৰ পিচত ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত বোকাখাত বিধানসভাৰ আসনখন দখল কৰিবলৈ সক্ষম হৈছিল ।

ইফালে ১৯৫১ চনৰ পৰা বৰ্তমানৰ বিধানসভাৰ নিৰ্বাচনলৈকে ১৬ টা নিৰ্বাচনৰ ৫ টা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে বোকাখাত বিধানসভা সমষ্টিত এতিয়ালৈকে এবাৰো জয় লাভ কৰিব পৰা নাই । ভাৰতীয় জনতা পাৰ্টীৰ হৈ ১৯৯৬ চনৰ নিৰ্বাচত নবীন বৰাই, ২০০১ চনৰ নিৰ্বাচনত মোহনলাল জালান, ২০০৬ চনৰ নিৰ্বাচনত হেমচন্দ্ৰ পানিকাই আৰু ২০১১ চনৰ নিৰ্বাচনত দেৱপ্ৰদীপ বৰাই প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰিছিল । অৱশ্যে নিৰ্বাচন আয়োগৰ তথ্য মতে ১৯৮৫ চনৰ নিৰ্বাচনত জনতা পাৰ্টীৰ হৈ ডিম্বেশ্বৰ বৰাই বোকাখাত বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল । ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনত অসম গন পৰিষদ দলৰ সৈতে হোৱা মিত্ৰতাৰ পটভুমিত ভাৰতীয় জনতা পাৰ্টীয়ে সমষ্টিটোত দলীয় প্ৰাৰ্থী দিব নোৱাৰাতো মন কৰিব লগীয়া।

এনে পটভুমিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিচতেই এতিয়া বোকাখাত সমষ্টি তৃতীয় বাৰৰ বাবে দখল কৰিবলৈ বিজেপিৰে মিত্ৰতা কৰি অসম গন পৰিষদ দলে আপ্ৰাণ চেষ্টা চলাইছে । এই বাৰৰ নিৰ্বাচনত দলৰ সভাপতিক জয়ী কৰোৱাৰ সৈতে দলৰ সন্মানো জড়িত আছে । কিন্তু সমষ্টিটোৰ দুটাকৈ কাৰ্যকালৰ বিধায়ক নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ, বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰনৱ দলেৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অতুল বৰা । বোকাখাত সমষ্টিত জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে কেউজন প্ৰতিদ্বন্দিয়েই । একালৰ দুৰ্গত এতিয়া পৰিৱৰ্তিত ৰাজনীতিত নিজৰ দলৰ স্বাৰ্থতেই হৰিপ্ৰসাদ শইকীয়াৰ সমৰ্থনত দিন ৰাতি একাকাৰ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহু নিষ্ঠাবান কৰ্মীয়ে । একেই অৱস্থা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰো । ৰাজ্যত নহলেও বোকাখাত বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে জাতীয়তাবাদী আঞ্চলিক দলৰ দ্বাৰা পৰিচালিত হৈছে দুই ৰাষ্ট্ৰীয় দলৰ কৰ্মকৰ্তা ।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত বোকাখাত সমষ্টিত মুঠ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । নিৰ্বাচন আয়োগৰ তথ্য মতে ১০৫ নং বোকাখাত সমষ্টিৰ বাবে ১৯৯১ চনৰ নিৰ্বাচনত সৰ্বাধিক ২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল আৰু ইয়াৰে ১৭ গৰাকীয়েই আছিল নিৰ্দলীয় প্ৰাৰ্থী ।

Written by

UTTAM SAIKIA

District Reporter

Leave a Reply

Your email address will not be published. Required fields are marked *

INDIAN PRESS UNION

Indian Press Union (IPU) A National Platform for Journalists and Media Professionals.

© 2026 All Rights Reserved IPU MEDIA ASSOCIATION